Website Design: dastechnologies.in
ছয়গাঁৱত পুনৰ এজন আক্ৰান্ত কৰ’নাত । ছয়গাঁৱৰ বাহজানী-কন্দলপাৰাৰ ৫৭ বছৰ বয়সৰ অনিত কলিতাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ। গুৱাহাটীৰ উলুবাৰীত ভাৰাঘৰত নিজৰ পৰিয়ালৰ সতে বাস কৰিছিল অনিত কলিতাই। ২৭ জুনত গুৱাহাটীত অনিত কলিতাৰ SWAB নমুনা সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে। তাৰ পিছতে তেওঁক হোম কোৰাইন্টিনত থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে। গুৱাহাটীত অটো ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰিছিল অনিত কলিতাই। কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা মানুহগৰাকীৰ গণ সংক্ৰমনৰ কৱলত পৰা সন্দেহ স্থানীয় ৰাইজৰ। বকোৰ স্বাস্থ্য বিভাগে অনিত কলিতাক চিকিৎসাৰ বাবে কামৰূপ জিলাৰ শিঙিমাৰী কৰ’না চিকিৎসালয়ত ভৰ্ত্তি কৰাই। ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া ড০ প্ৰীতিলেখা ডেকাই বাহজানী-কন্দলপাৰাত উপস্থিত হৈ অনিত কলিতাৰ গৃহক ১৪ দিনৰ বাবে কন্টেনইমেন্ট জ’ন হিচাপে ঘোষণা কৰে।