Local, Vocal, Global

কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত  আয়োজন সজাগতা সভা

কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত  আয়োজন কৰিছে  এক সজাগতা সভা । দেশত ক’ৰনা মহামাৰীয়ে জনজীৱন স্তদ্ধ কৰাৰ সময়তে তেজপুৰত গাঁৱে-ভূঁ‍ঞে সজাগ সচেতনতা আনিবৰ বাবে সজাগতামূলক সভা আয়োজন কৰি আহিছে স্বেচ্ছাসেৱী সংগঠন নৱ-নিৰ্মান ভাৰত,অসমে ।শেহতীয়াকৈ তেজপুৰত ক’ৰনা আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে চাহজনজাতি লোকসকলক সজাগ কৰিবৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি তেজপুৰ পাটগাওঁত সজাগতা মূলক সভা আয়োজন কৰি ক’ৰনা মহামাৰি কেনেকৈ ৰোধ কৰিব পাৰি স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি ডা: দীপেন মহন্তই কৰ’না সংক্ৰমন আৰু প্ৰতিৰোধৰ সম্পৰ্কে সুন্দৰ বিশ্লেষন দা‍ঙি ধৰে ।আনহাতে লোকসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰন কৰাৰ লগতে এতিয়ালৈকে ১৪ খনকৈ  অধিক পিছপৰা অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰে  স্বেচ্ছাসেৱী সংগঠনটোৱে ।