Local, Vocal, Global

বিশ্ব বক্সিঙৰ ৰেংকিঙত অসমৰ তিনি সন্তান

অসমৰ ক্ৰীড়া ইতিহাসত এক বিৰল গৌৰৱৰ ঘটনা । বিশ্ব বক্সিঙৰ ৰেংকিঙৰ শীৰ্ষত তিনি অসম সন্তান । ‘ INTERNATIONAL AMATEUR BOXING ASSOCIATION’-ৰ ৰেংকিঙৰ শীৰ্ষত স্থান পাইছে অসমৰ লাভলীনা বৰগোঁহাই, যমুনা বড়ো  আৰু শিৱ থাপাই । টকিঅ’ অলিম্পকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই ৬৯ কেজি শাখাত বিশ্ব ৰেংকিঙত তৃতীয় স্থান পাইছে । যমুনা  বড়োই ৫৪ কেজি ওজন শাখাত বিশ্ব ৰেংকিঙত পঞ্চম স্থান আৰু অলিম্পিয়ান শিৱ থাপাই ৬০ কেজি তলৰ ওজন শাখাত ১৬ নং স্থান পাইছে । INTERNATIONAL AMATEUR BOXING ASSOCIATION-ৰ এই ঘোষণাৰ পিছত ‘ASSAM AMATEUR BOXING ASSOCIATION’-য়ে বক্সাৰ তিনিগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে ।