Local, Vocal, Global

কামৰূপৰ কমলপুৰত কৰ’না আতংক

কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আতংকময় পৰিস্থিতি ৷ চিকিৎসাধীন  ৰোগীৰ দেহত  কৰ’না পজিটিভ, চিকিৎসকসহ চাৰিগৰাকীক  হোম কোৱাৰেণ্টিন ৷

কামৰূপ জিলাৰ কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী ৰোগীৰ দেহত পৰৱৰ্তী সময়ত কৰ’না পজিটিভ ধৰা পৰাত চিকিৎসালয়খনত কৰ্মৰত চিকিৎসকসহ, চিকিৎসাকৰ্মী তথা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় |যোৱা ২৩ জুনত ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আঠাৰা নিৱাসী তথা অসম ৰাজ্যিক বিদ্যুৎ  পৰিষদৰ ৰঙিয়াৰ কৰ্মচাৰী জাফৰ আলী নামৰ লোকজনে  তেওঁৰ  ৰোগ দেখুৱাবৰ বাবে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আহে | পিছদিনা অৰ্থাৎ  ২৪ জুনত লোকজন এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পুনৰ উক্ত চিকিৎসালয়খনত ভৰ্তি হ’বলগীয়া হয়  | কমলপুৰৰ চিকিৎসকে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ প্ৰেৰণ কৰে  | জি এন আৰ চি ভৰ্তি হোৱাৰ সময়ত আলীৰ  SWAB লোৱা হৈছিল আৰু সেই SWAB পৰীক্ষা কৰাৰ পিছত তেওঁৰ কভিড – ১৯ ধৰা পৰে | কিন্তু কমলপুৰত চিকিৎসা গ্ৰহণ কৰি জাফৰ আলীৰ  দেহত কৰ’না পজিটিভ ধৰা পৰা খৱৰটো আতংকৰ সৃষ্টিৰ কৰিছে সমগ্ৰ অঞ্চলটোত |পৰবৰ্তী সময়ত চিকিৎসালয়তখন চেনিটাইজেচন কৰাৰ লগতে মুঠ ৩৪ গৰাকী লোকৰ  SWAB সংগ্ৰহ কৰা হয় বুলি বি পি এম দীনমনি ঠাকুৰীয়াই অৱগত কৰিছে | ইফালে যোৱা ২৩ আৰু ২৪ জুনত জাফৰ আলীক চিকিৎসা প্ৰদান কৰা চিকিৎসক সকলক হোম কোৱাৰেণ্টিনত যাব দিয়া হয় বুলি জানিবলৈ দিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ডিম্বেশ্বৰ শৰ্মাই |