Local, Vocal, Global

বিদ্যুৎ বিভাগে জ্বলাকলা খুৱাইছে তেজপুৰবাসীক

বিদ্যুৎ বিভাগে জ্বলাকলা খুৱাইছে তেজপুৰবাসীক৷ দিনটোৰ অধিক সময় তেজপুৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত নাথাকে বিদ্যুৎ৷ উৎকট গৰমে দহিছে সকলোকে৷ নিশাৰ ভাগতো সঘনাই বিদ্যুৎ কৰ্তনে ৰাইজক অতীষ্ঠ কৰি আহিছে দীৰ্ঘদিনৰ পৰা৷ তাৰমাজতে লকডাউনৰ সুযোগ লৈ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বিদ্যুৎ বিভাগৰ অবিবেচক কৰ্মকাণ্ড৷ বিদ্যুৎ বিভাগৰ আজৱ কাম-কাজৰ বাবেই অতীষ্ঠ হৈ আজি প্ৰায় অৰ্ধ শতাধিক মহিলাই জবাবদিহি কৰিলে বিভাগটোৰ কনিষ্ঠ অভিযন্তাক৷ এইসকল লোকৰ যোৱা এপ্ৰিল আৰু মে’ মাহত প্ৰতিঘৰ লোকৰ বিল আহিছে ৩০ৰ পৰা ৩৫ হাজাৰকৈ টকা৷ এমাহত ৩৫ হাজাৰ টকা বিল এইসকল সাধাৰণ খাতি খোৱা লোকে আদায় দিবই লাগিব বুলি অভিযন্তাই কোৱাত ৰাইজ জাঙুৰ খাই উঠে৷ পিছত কনিষ্ঠ অভিযন্তাজনে সমগ্ৰ বিষয়টো জুলাই মাহৰ ভিতৰত মীমাংসা কৰা হ’ব বুলি ৰাইজক আশ্বস্ত কৰে৷