Local, Vocal, Global

বিধায়িকা আঙুৰলতাক বেশ্যা আখ্যা বিপিএফ বিধায়কৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰত এইবাৰ শালীনতাৰ সকলো সীমা লংঘন হ’ল। দিছপুৰৰ দুই মিত্ৰ দল বিজেপি-বিপিএফৰ মুখ চুপতিৰ নামত সতীৰ্থ এগৰাকী মহিলা বিধায়কক নিৰ্লজ্জ আক্ৰমণ আন এজন বিধায়কৰ। বিটিএডিত বিজেপিৰ হৈ প্ৰচাৰ চলাই থকা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক বেশ্যা আখ্যা দিলে বিজনীৰ বিপিএফ বিধায়ক কমল সিং নাৰ্জাৰীয়ে। বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত এটা ৰাজনৈতিক দলৰ নেতাই আন দলৰ নেতাক তুচ্চ-তাচ্ছিল্য কৰি ব্যক্তিগত আক্ৰমণ কৰি আছে যদিও কমল সিং নাৰ্জাৰীৰ দৰে অশালীন মন্তব্য কোনেও কৰা নাছিল। বিটিচিত বিজেপি শাসনলৈ আহিলে VCDC ভংগ কৰি দিয়া হ’ব বুলি বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই বিভিন্ন নিৰ্বাচনী সভাত মন্তব্য কৰিছিল। এই সন্দৰ্ভত সাংবাদিকে বিজনীৰ বিপিএফৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া বিচৰাত তেওঁ কয় যে বিটিচিৰ VCDC আইন সন্মত নিকায়। নাৰ্জাৰীয়ে কয়- ‘বিএলটি, ভাৰত চৰকাৰ, অসম চৰকাৰৰ মাজৰ চুক্তি মতে সংসদৰ দুয়ো সদনত বিল পাচ হৈ আইন প্ৰণয়ন হৈছিল। সেই আইনখন আঙুৰলতাৰ নিচিনা এক বেশ্যা, মই বেশ্যা বুলি ক’ম আঙুৰলতাক, আঙুৰলতাৰ নিচিনা বেশ্যাই যিয়েই কওক, নকওক সেইটো কামত নাহে। কাৰণ এয়া আইনত পৰিণত হৈছে। এই আইনৰ এটা শব্দ, এটা বানানো আঙুৰলতাই সলাব নোৱাৰে।’ এনেদৰে নাৰ্জাৰীয়ে বিজেপিৰ এগৰাকী মহিলা বিধায়িকাক স্পষ্ট ভাষাৰে বেশ্যা বুলি অভিহিত কৰাত স্বাভাৱিকতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।