Local, Vocal, Global

অসমলৈ আহি আছে অৱেইচিৰ AIMIM, সঁচানে?

বিহাৰ নিৰ্বাচনত অপ্ৰত্যাশিত ভাল ফল দেখুৱালে অৱেইচিৰ AIMIM-এ। বিহাৰৰ ২০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৫খন দখল কৰিবলৈ সক্ষম হ’ল অৱেইচিৰ দল। অৱেইচিৰ এই সফলতাৰ বাবে বিপদত পৰিল আৰজেদি কংগ্ৰেছৰ মহাজোঁট। বিহাৰত অৱেইচিৰ দলৰ সফলতাই মূৰকত এনডিএক সহায় কৰা বুলিয়েই ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতামত। অৱশ্যে শেহতীয়াকৈ হাইদৰাবাদৰ পৌৰসভাৰ নিৰ্বাচনত পূৰ্বৰ দৰে সফলতা নাপালে অৱেইচিৰ দলে। তাৰ মাজতে অৱেইচিৰ দলটোৱে ২০২১ত অসমৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হ’ল। অৱেইচিয়ে নিজে অসমৰ নিৰ্বাচনত নামি বদৰুদ্দিন আজমলক অসুবিধাত নেপেলাও বুলি মন্তব্য কৰাৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। কিন্তু বিগত কেইদিনমানৰ ভিতৰত ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গৈছে এখন বিশেষ বেনাৰ। গুৱাহাটীৰ গণেশগুৰিৰ ৰাজধানী মন্দিৰৰ সমীপৰ শ্বহীদ উদ্যানৰ বেৰতো দেখা গৈছে সেই বিশেষ পোষ্টাৰখন। য’ত লিখা আছে- আহি আছে AIMIM ২০২১ত। অসমত নিৰ্বাচন খেলাটো খাটাং। আৰু লিখা আছে ১০টা সমষ্টিৰ নাম। সমষ্টিকেইটা হ’ল ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, জলেশ্বৰ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, বিলাসীপাৰা পূৱ, বিলাসীপাৰা পশ্চিম, গৌৰীপুৰ, গোলকগঞ্জ। বেনাৰখনত অৱেইচিৰ ফটোৰ সৈতে আছে ধুবুৰীৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ ফটো। বেনাৰখনত ৰাইজৰ সহায় আৰু দোৱা কামনা কৰা হ’ল বুলি লিখি তলত দিয়া হৈছে ৰছুল হক বাহাদুৰৰ নাম। দিয়া হৈছে এটা ফোন নম্বৰ। যাৰ পৰা স্পষ্ট ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হকেই AIMIMৰ হৈ ব্যাপক হাৰত প্ৰচাৰ আৰম্ভ কৰিছে। জানিব পৰা মতে ৰছুল হক বাহাদুৰ আৰু আন কেইজনমান সংখ্যালঘু নেতাই AIMIMৰ মুৰব্বী আচাদুদ্দিন ওৱেইচিৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে। বহুতেই এই তৎপৰতাৰ আঁৰত শাসনাধিষ্ঠিত বিজেপিৰ ভোট বিভাজনৰ সমীকৰণো জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে।