Local, Vocal, Global

কয়লাৰ ক’লা সাম্ৰাজ্যত আয়কৰৰ হাঁতোৰা

কয়লা ব্যৱসায়ী নবীন সিংঘালৰ লগতে তেওঁৰ সহযোগী এক বৃহৎ চক্ৰই অসমৰ কয়লাৰ ক’লা সাম্ৰাজ্যত দুহেজাৰ কোটি টকা বিনিয়োগ কৰা বুলি তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। শুকুৰবাৰৰ পুৱাৰ পৰা সিংঘালৰ লগতে তেওঁৰ সহযোগী ডিগবৈৰ সত্যনাৰায়ণ আগৰৱালা আৰু মাৰ্ঘেৰিটাৰ পংকজ চৌধুৰীৰ বাসগৃহ, কাৰ্যালয় আদিত আয়কৰ বিভাগে সমান্তৰালভাৱে অভিযান চলায়। তেওঁলোকৰ সকলোৰে বিৰুদ্ধে চোৰাং কয়লাৰ বেহাৰে অবৈধ ধন-সম্পত্তি অৰ্জনৰ অভিযোগ আছে। আয়কৰৰ লগতে সিংঘালে সামগ্ৰী আৰু সেৱাকৰ আদায়তো বৃহৎ ফাঁকি দি অহাৰ অভিযোগ। আয়কৰৰ অভিযানৰ পূৰ্বে ৰহস্যজনকভাৱে সিংঘাল আৰু তেওঁৰ পত্নী বিমানেৰে দিল্লীলৈ পলায়ন কৰিছিল যদিও শণিবাৰৰ দিনৰ ১২ বজাত আয়কৰ বিভাগৰ হেঁচাত পৰি তেওঁ গুৱাহাটীত উপস্থিত হ’বলৈ বাধ্য হয়। সিংঘালৰ মালিকানাধীন মহালক্ষ্মী নামৰ প্ৰতিষ্ঠানটোৰ নামতে জালিয়াতিত  লিপ্ত হোৱাৰ অভিযোগত সিংঘাল ইয়াৰ পূৰ্বেও চি বি আইৰ জালত পৰিছিল। নাগালেণ্ডৰ ক’অপাৰেটিভ ছ’চাইটিৰ নামত কয়লা আনি পাঞ্জাবলৈ ৰেলেৰে প্ৰেৰণ কৰি মুকলি বজাৰত চোৰাংভাৱে বৃহৎ ধনৰ বিনিময়ত কয়লাৰ অবৈধ বেহা চলাই থকা বুলি সিংঘালৰ বিৰুদ্ধে এই গোচৰত চি বি আয়ে অভিযোগনামা দাখিল কৰিছে। তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ পৰা অনা কয়লা শিৱসাগৰত আনলোড কৰাৰ ভুৱা তথ্য দাখিল কৰি সেই কয়লা অবৈধভাৱে ৰেলেৰে পাঞ্জাবলৈ পঠিওৱা হৈছিল।এই দুষ্কাৰ্যত সিংঘালৰ লগতে ক’ল ইণ্ডিয়া লিমিটেডৰ আৰু ৰেলৰ বিষয়া-কৰ্মীও জড়িত থকাৰ বিষয়ে প্ৰকাশ পাইছিল।