২৪ ছেপ্টেম্বৰৰ পৰা ভক্তৰ বাবে খোল নাখায় কামাখ্যাৰ দ্বাৰ
- ২৪ ছেপ্টেম্বৰৰ পৰা ভক্তৰ বাবে খোল নাখায় কামাখ্যাৰ দ্বাৰ
- ক’ভিডৰ স্বাস্থ্য বিধি পালন কৰিহে খুলি দিয়া হ’ব মন্দিৰ চৌহদ
- বৰ্তমানেও মন্দিৰ খোলাৰ দিন নিৰ্ধাৰণ কৰা নাই মন্দিৰ কৰ্তৃপক্ষই
- প্ৰতিদিনে মাত্ৰ ৫০০ ভক্তইহে দৰ্শন কৰিব পাৰিব মা কামাখ্যাক
- প্ৰৱেশদ্বাৰত দেখুৱাব লাগিব ক’ভিড নিগেটিভৰ প্ৰমাণ পত্ৰ
- দৰ্শনাৰ্থীয়ে ৩ দিনৰ পূৰ্বৰ প্ৰমাণ পত্ৰহে দেখুৱাব পাৰিব
- তীৰ্থযাত্ৰীৰ বাবে হল্ডিং এৰিয়া নিৰ্ধাৰণৰ পিছতে খোলা হ’ব মন্দিৰ
- সংবাদমেলযোগে এই কথা প্ৰকাশ মন্দিৰ কৰ্তৃপক্ষৰ
লক্ষ্যণীয় যে সোমবাৰে প্ৰশাসনেও মন্দিৰ খোলা সন্দৰ্ভত নিৰ্দশনা জাৰি কৰিছে। প্ৰশাসনৰ নিৰ্দেশ অনুসৰি দৰ্শনাৰ্থীয়ে মানিব লাগিব এইবোৰ নীতি-নিয়ম-
- কামাখ্যা দৰ্শন কৰিবলৈ ভক্তই ল’ব লাগিব অনলাইন পাছ
- অনলাইন আৱেদনযোগে গ্ৰহণ কৰিব লাগিব এই পাছ
- ৬৫ বছৰৰ উৰ্ধৰ আৰু ১০ বছৰৰ তলৰ কোনো লোককে মা কামাখ্যা দৰ্শনৰ বাবে দিয়া নহ’ব অনুমতি
- প্ৰতিঘণ্টাত ১০০জন ভক্তক দৰ্শনৰ বাবে প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে অনুমতি
- ১৫ মিনিটতকৈ অধিক সময় কোনো ভক্তই থাকিব নোৱাৰিব মন্দিৰ চৌহদত
- ক’ভিড নিগেটিভৰ প্ৰমাণ পত্ৰ দৰ্শনাৰ্থীয়ে দিব লাগিব মন্দিৰ কৰ্তৃপক্ষক
- লক্ষ্যণীয়ভাৱে আৱেদন কৰাৰ তিনিদিন পূৰ্বৰ প্ৰমাণ পত্ৰহে হ’ব প্ৰযোজ্য
- দৰ্শনাৰ্থীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়োজিত থাকিব স্বাস্থ্যকৰ্মীৰো দল
- দৰ্শনৰ পূৰ্বে দৰ্শনাৰ্থীৰ কৰা হ’ব স্বাস্থ্য পৰীক্ষা
- মন্দিৰ চৌহদত থকা পূজাৰ সামগ্ৰী দোকানীসকলে চেনিটাইজাৰ কৰাৰ পিছতহে ভক্তক দিব পাৰিব
- কোনো দৰ্শনাৰ্থীয়ে নীলাচলত থকা অতিথিশালাত থাকিব নোৱাৰিব