মানকাচৰত ডকাইতৰ উপদ্ৰৱ
মানকাচৰত পুনৰ ডকাইতৰ উপদ্ৰৱ। মানকাচৰৰ অসম মেঘালয় সীমান্তবর্তী টানগাওঁত নিশা ৭,৮জনীয়া ডকাইতৰ আক্ৰমণ। দলটোৱে ডকাইতৰ বাবে আহি ৰফিকুল ইছলামৰ গৃহত প্ৰৱেশ কৰি পৰিয়ালৰ সদস্যৰ ওপৰত চলাই ছুৰীৰে আক্ৰমণ। ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰফিকুল ইছলাম আৰু তেওঁৰ পুত্ৰ।
কিন্তু স্থানীয় ৰাইজৰ তত্পৰতাত উদ্ধাৰ কথমপি প্ৰাণ ৰক্ষা পৰে পিতা-পুত্ৰ। স্থানীয় ৰাইজৰ চিঞৰ-বাখৰত পলায়ন কৰে ডকাইতৰ দলটো।
স্থানীয় ৰাইজে সংকটজনক অৱস্থাত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় দুয়োকে। সম্প্ৰতি দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।