Local, Vocal, Global

কঠোৰ মুখ্যমন্ত্ৰী, এমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নতুন দিল্লীৰ পৰা উভতিয়ে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত তৎপৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোমবাৰে দিল্লীৰ পৰা উভটিয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ বিতংভাৱে বুজ লয়। লগতে মুখ্যমন্ত্ৰীয়ে পুনৰ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শীঘ্ৰে ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষক। অনাগত সময়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বেমেজালিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

মুখ্যমন্ত্ৰী  সোণোনালে মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক জৰুৰী বৈঠকত প্ৰশ্নকাকত ফাদিল হোৱা সমগ্ৰ ঘটনাৰ লগত জড়িত ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰাৰ লগতে কৰায়ত্ত কৰিবলৈও কঠোৰ নিৰ্দেশ প্ৰদান কৰে।