Local, Vocal, Global

কলিয়াবৰৰ নিত্যানন্দ বৰুৱাৰ সৃষ্টিশীল কৰ্মত প্ৰাণ পায় উঠিছে জৈৱ বৈচিত্ৰৰ ন ন ৰূপ

কলিয়াবৰৰ এজন প্ৰচাৰবিমুখ শিল্পী, নাম নিত্যানন্দ বৰুৱা। কলিয়াবৰৰ মাজ পূৱথৰীয়াৰ শিল্পীজনৰ সৃষ্টিশীল কৰ্মত ফুটি উঠিছে জৈৱ বৈচিত্ৰৰ ন ন ৰূপ।  শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু জাকতজিলিকা সামগ্ৰী। পেলনীয়া সামগ্ৰী, বাঁহ-বেত আৰু কাঠেৰে ঘৰতে তৈয়াৰ কৰিছে চকী-টেবুল, বিচনা, ফুলদানিকে ধৰি বিভিন্ন ধৰণৰ মূৰ্তিৰ লগতে আন সা-সামগ্ৰী। সৃষ্টিশীল প্ৰতিভাৰে শিল্পীগৰাকীয়ে পেলনীয়া কাঠ-বাঁহৰ জৰিয়তে জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে জীৱ-জন্তুৰ প্ৰতিমূৰ্তি৷ এটুকুৰা কাঠত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মূৰ্তি তৈয়াৰ কৰি ভৱিষ্যতে লগ পালে নিজ হাতেৰে প্ৰদান কৰাৰ আশা পুহি ৰাখিছে শিল্পীগৰাকীয়ে।

২০০১ত অস্থায়ীভাৱে শিক্ষকতাৰ বৃত্তিত জড়িত হৈ কণ কণ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই ২০১৬ত অৱসৰ গ্ৰহণৰ পিছৰে পৰা শিল্পকৰ্মৰ লগত জড়িত হৈ পৰিছিল নিত্যানন্দ বৰুৱা। কোনো চৰকাৰী সা-সুবিধা, শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা নাই ভাস্কৰ্য শিল্পীগৰাকীয়ে। শিল্পীজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন সা-সামগ্ৰীৰ দুই-এপদ বজাৰত বিক্ৰী কৰি আহিছে যদিও খৰচ অনুপাতে উচিত মূল্য নাপায় বুলি ক্ষোভ উজাৰে শিল্পী নিত্যানন্দ বৰুৱাই।