Local, Vocal, Global

বিশিষ্ট শিল্পী তথা প্ৰাক্তন বিধায়ক প্ৰয়াত পদ্মনাথ কৈৰীৰ পদ্মশ্ৰী সন্মান প্ৰদানৰ আহ্বান আটছাৰ  

চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক¸ বিশিষ্ট শিল্পী, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, তথা বিশ্বনাথৰ প্ৰাক্তন বিধায়ক প্ৰয়াত পদ্ম কৈৰীৰ শিল্পীসত্তাক ৰাজ্য চৰকাৰে ৰাজ্যিক তথা আন্তঃৰাজ্যিক পৰ্যায়ত পদ্মশ্ৰী মৰ্যাদাৰে মৰণোত্তৰভাৱে প্ৰদান কৰিবলৈ আহ্বান আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ তাঁতীৰ৷ নেতাজনে পুনৰ কয় যে চাহ জনগোষ্ঠীৰ হকে পদ্ম কৈৰীয়ে অহোপুৰুষাৰ্থ কৰিছিল৷ চাহ জনগোষ্ঠীৰ সমাজৰ লগত ফেৰ মিলাকৈ আগুৱাই নিয়াৰ স্বাৰ্থত  কাণ্ডাৰীস্বৰূপ জনপ্ৰিয় চলচ্চিত্ৰ বুধু অৰ্জুনৰ নিৰ্মাতা, পৰিচালক তথা অভিনয় কৰা পদ্ম কৈৰীয়ে ৰঙানদী, ৰতনলাল, মায়া, মা আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তদুপৰি একালৰ জনপ্ৰিয় ধাৰাবাহিক ‘ছিৰিজ’ প্ৰযোজনা, পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল। উল্লেখ্য যে সোমবাৰে চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক¸ বিশিষ্ট শিল্পী, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, তথা বিশ্বনাথৰ প্ৰাক্তন বিধায়ক প্ৰয়াত পদ্ম কৈৰীৰ বাসগৃহত উপস্থিত হয় আটছাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল৷  আটছাৰ বিষয়ববীয়াসকল হৈছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ তাঁতী, সহকাৰী সম্পাদক অনন্ত সোনাৰ লগতে বিশ্বনাথ জিলাৰ সভাপতি, সম্পাদক আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ, নদুৱাৰ, বিহালী আৰু গহপুৰ শাখাৰ সভাপতি-সম্পাদকৰ লগতে সমূহ বিষয়-ববীয়াই প্ৰয়াত পদ্মনাথ কৈৰীৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷