Local, Vocal, Global

আৰক্ষীৰ জালত চোৰাং পেট্ৰলৰ টেংকাৰসহ এজন

বৰপেটা জিলাৰ চেনিমাৰীত চোৰাং পেট্ৰলসহ টেংকাৰ জব্দ কৰে কলগাছিয়া আৰক্ষীয়ে। নাগালেণ্ডৰ NL 01AA 9557 নম্বৰৰ ১৪ চকীয়া টেংকাৰ খনত আছিল প্ৰায় ২০ লাখ টকাৰ বজাৰমূল্যৰ পেট্ৰল। চেনিমাৰীৰ ইছলাম ইঞ্জিনীয়াৰিং এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নামৰ গ্ৰেজত পেট্ৰল আনলোড কৰাৰ সময়তে পেট্ৰলসহ টেংকাৰ জব্দ কৰে আৰক্ষীয়ে। লগতে গাড়ীৰ চালক আৰু গ্ৰেজৰ কৰ্মচাৰী এজনক গ্ৰেপ্তাৰ কৰে কলগাছিয়া আৰক্ষীয়ে।

আনফালে চোৰাং পেট্ৰল সৰবৰাহ কৰা কেবাখনো জব্দ কৰে সৰু বাহনো। উল্লেখ্যে যে, দীৰ্ঘদিনৰ পৰাই চেনিমাৰী অঞ্চলত চোৰাং পেট্ৰলৰ ব্যৱসায় চলি আহিছিল। ইতিমধ্যে আনলোড কৰা চোৰাং পেট্ৰলৰ ড্ৰাম সমূহ, তেল সৰবৰাহ কৰা সৰু গাড়ী আৰু টেংকাৰখন কলগাছিয়া আৰক্ষী থানাত ৰাখিছে বুলিও আৰক্ষীয়ে জানিব দিয়ে। ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।