Local, Vocal, Global

জীৱনৰ ধুমুহাই বিধ্বস্ত কৰা “আবুল আলী”ৰ পৰিয়ালৰ কাহিনী

বানৰ বিভীষিকাই তচনচ কৰা টীয়কৰ জাঁজীমুখৰ আবুল আলীৰ পৰিয়ালৰ দুৰৱস্থা আৰু মৰ্মবেদনাই এতিয়া কন্দুৱাইছে সকলোকে ৷ শেহতীয়াকৈ অহা ব্ৰহ্মপুত্ৰৰ কালৰূপী বানত বিধ্বস্ত হৈছিল পৰিয়ালটো। জাঁজীমুখ কৈৱৰ্তগড়ৰ এই পৰিয়ালটোৰ ঘৰৰ চোতালেদি বৈ গৈছিল বানৰ প্ৰৱল সোঁত আৰু সেই সোঁতে আবুল আলীৰ চকুৰ সন্মুখেদি যেন উটুৱাই লৈ গৈছিল তেওঁৰ সকলো সপোন ৷ বলিয়া বানে তচনচ কৰিছিল সপোনৰ ঘৰখন। সেই সময়তেই পত্নী আছমা বেগমৰ শৰীৰটো থিতাপি লৈছিল এক জটিল দুৰাৰোগ্য ৰোগে, ইফালে কোলাত ডেৰবছৰীয় কন্যা আলিছা। এই ভয়ানক বাস্তৱৰ সৈতে যুঁজি আবুলে ঘৰ এৰি থিতাপি ল’লে আনৰ ঘৰত ৷ বান কমিল আৰু আবুলৰ ঘৰখনৰ কিছু মেৰামতি কৰিলে গাঁৱৰ সকলোয়ে মিলি ৷ কিন্তু বিপদে লগ নেৰা আবুলৰ জীৱনলৈ নামি আহিছে আন এক বিপদ। এক  দুৰ্ঘটনাত ভাঙে আবুল আলীৰ হাতখন ৷ পত্নীৰ আছমাৰ জটিল অৱস্থায়ো  দিশহাৰা কৰিছে পৰিয়ালটোক। পত্নীক উন্নত চিকিৎসাৰ বাবে আনিব লাগে জি.এম.চি.এইছ লৈ। স্থানীয় ৰাইজে সাধ্য অনুসৰি  সহযোগিতা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয় এই পৰিয়ালটিৰ বাবে। সেয়ে এতিয়া আবুলে জীৱনৰ হাঁহি পুনৰ ঘুৰাই আনিবৰ বাবে সহায় বিচাৰিছে সুহৃদয়বান ৰাইজৰ। যদি কোনো ব্যক্তি তথা অনুষ্ঠানে সহায় কৰিব বিচাৰে তেন্তে UBI বেংকৰ একাউণ্ট নম্বৰ 0803010546881 (জোষ্মা বেগম ), IFSC – UTBIOKKJ641 সহায় আগবঢ়াব পৰিব অথবা 8086387825 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটিয়ে।