Local, Vocal, Global

তেজপুৰত সাংবাদিক বীজেন দ্বীপ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়া ন-পুখুৰীত সংঘটিত চাঞ্চল্যকৰ সাংবাদিকৰ হত্যাকাণ্ড চাঞ্চল্য অব্যাহত৷ নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপ নামৰ সাংবাদিকগৰাকীক হত্যা কৰাৰ অভিযোগ৷ নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

তিনিচুকীয়া এটা সংবাদ মাধ্যমতো কৰ্মৰত সাংবাদিকগৰাকীৰ  হত্যাৰ  ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম সাংবাদিক সন্থাৰ  সভাপতি পংকজ কুমাৰ নাথৰ লগতে তেজপুৰ সাংবাদিক সকলে। সংগঠন কেইটাই  সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত বিচাৰাৰ লগতে হত্যাকাৰী চিনাক্ত কৰি শাস্তি দিবলৈকো দাবী জনাইছে। অসম চৰকাৰে সাংবাদিক গৰাকীৰ পৰিয়াল আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ দাবী উত্থাপন তেজপুৰ সাংবাদিক সকলে।