কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। কলগাছিয়াৰ স্থানীয় প্ৰশাসনৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান। কৰাৰকুৰত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে আৱণ্টন দিছিল ৫০ বিঘা মাটি । এই ৫০ বিঘা মাটিত পূৰ্বৰ পৰাই আশ্ৰয় গ্ৰহণ কৰি আছিল ১০টাতকৈ অধিক পৰিয়াল। কেইবাবাৰো জাননী দিয়াৰ পিছতো ভূমি এৰি নিদিয়াৰ অভিযোগ পৰিয়ালকেইটাৰ বিৰুদ্ধে। যাৰ বাবে প্ৰশাসনে মঙলবাৰে উচ্ছেদ অভিযান চলাই প্ৰশাসনে৷ উচ্ছেদ অভিযানত কান্দোনত ভাগি পৰে উচ্ছেদিত পৰিয়ালসমুহ।
প্ৰশাসনৰ ফালৰ পৰা পৰিয়ালকেইটাক অন্য ঠাইত সংস্থাপন কৰাৰ কথা আছিল যদিও অন্য ঠাইত সংস্থাপন নকৰাকৈ উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।