Local, Vocal, Global

EIA-2020 বাতিলৰ দাবীত শিৱসাগৰত আছুৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্যত পুনৰ সক্ৰিয় হৈছে প্ৰতিবাদী কণ্ঠ। পৰিৱেশ ধ্বংসকাৰী EIA-2020 অধিসূচনাৰ বাতিলৰ দাবীত ৰাজ্যত পুনৰ সক্ৰিয় হৈছে আন্দোলন। মঙলবাৰে শিৱসাগৰত আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী৷ অসমত পৰিৱেশ ধ্বংসকাৰী EIA-2020 অধিসূচনাৰ বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ৷ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ প্ৰতিবাদকাৰী আছুকৰ্মীয়ে শিৱসাগৰ দ’লমুখ চাৰিআলিত EIA-2020ৰ খচৰাৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷