Local, Vocal, Global

সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

২০১৫ চনৰ ১৫ আগষ্টত চৰাইদেউক জিলা হিচাপে ঘোষণা কৰাৰ চাৰি বছৰ অতিক্ৰম কৰিলে যদিও আজিলৈকে ইয়াৰ আন্তঃগাঁথনি উন্নয়ন তথা জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃগাথঁনি উন্নয়নৰ দাবীত সোণাৰিত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আছুৱে। চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ জৰিয়তে অনতিপলমে চৰাইদেউ জিলাৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে।

আনহাতে শেহতীয়াকৈ বজালীক পূৰ্ণাংগ জিলা ঘোষণা কাৰ্যক আদৰণি জনোৱাৰ লগতে চৰাইদেউ জিলাৰ এখন মানচিত্ৰ শীঘ্ৰে প্ৰকাশৰ দাবী জনায় চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই।  চৰাইদেউ জিলাত এগৰাকী সাংসদ, দুগৰাকী বিধায়ক তথা এগৰাকী ৰাজ্যিক মন্ত্ৰী থকাৰ পাছতো চৰাইদেউ জিলাৰ আন্তঃগাঁথনি উন্নয়ন নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে।