Local, Vocal, Global

আপুনি তীৰ খেলে নেকি ? তেন্তে এবাৰ পঢ়ি চাব

নিশা নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত তীৰ খেলৰ বিৰুদ্ধে অভিযান ৷ আটক দুই জন ৷

 

আপুনি তীৰ খেলে নেকি ? তেন্তে আপুনি আৰু তীৰ খেলৰ এজেণ্টক লগ কৰিব নালাগে ৷ আপুনি তাৰ Whatsapp নম্বৰত দিয়ক আপুনি কাটিব বিছৰা নম্বৰ কেইটা আৰু আপুনি Whatsapp যোগে লাভ কৰিব ৰিজাল্ট ৷ বৰ্তমান Online যোগে চলিব ধৰিছে তীৰ খেল ৷ এই লৈ ৰূপহীহাটত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ  অভিযান ৷

শুক্ৰবাৰে নিশা নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত প্ৰথমে  জাল নোটৰ বিৰুদ্ধে অভিযান চলাই এজনক আটক কৰাৰ পাছতে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই।

নিশা জুৰীয়া বজাৰত অভিযান চলাই আটক কৰে  দুটা তীৰ খেলৰ এজেণ্ট। তীৰ খেলৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰে দুটা তীৰ খেলৰ এজেণ্টক । জুৰীয়া বজাৰত অভিযান চলাই আটক কৰে তীৰৰ এজেণ্ট দুটাক।

আটক কৰা এজেণ্ট দুটাৰ নাম হৈছে মাইনুল হক আৰু মহম্মদ আলী। ধৃত দুই এজেণ্টক আটক কৰি জেৰা অব্যাহত ৰাখিছে