Local, Vocal, Global

ATTENTION মুখ্যমন্ত্রী, ATTENTION যোগান মন্ত্রী, সমবায় সমিতিত ৰাতিৰ এন্ধাৰত কি চলিছে এয়া ?

এটেনশন মুখ্যমন্ত্রী, এটেনশন যোগান মন্ত্রী সমবায় সমিতিত ৰাতিৰ এন্ধাৰত কি চলিছে এয়া ?

বাঘমাৰা সমবায় সমিতিত ৰাতিৰ এন্ধাৰত বগা চাউলৰ কলা বেহা  ।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰষী থানাৰ অন্তৰ্গত বাঘমাৰা চৰ সমবায় সমিতিত ৰাতিৰ এন্ধাৰত কি চলে এয়া।

ৰাতিৰ অন্ধকাৰত একাংশ সমবায় এজেন্ট আৰু সমবায় পৰিচালনা সমিতিৰ বিষয়ববীয়া মিলি নাও ভৰ্তি বগা চাউলৰ চোৰাং সৰবৰাহ চলাইছে।

আমাৰ সাংবাদিকৰ ম’বাইল কেমেৰাত বন্ধী ২০১ বেগ বগা চাউলৰ ৰমৰমীয় কলা বেহাৰ সকলো দৃশ্য ।

কি নিৰ্লজ্যৰ দৰে সমবায় পৰিচালনা সমিতিৰ একাংশ সদস্যই ফোনত(audio given) মুকলিকৈ এজেন্ট সকলোৰ নাম এটা এটা কৈ গৈ গৈছে আৰু বাতৰি নকৰাকৈ ঘুৰি আহিব কৈ আছে।

সমবায় সমিতিখনৰ বিৰুদ্ধে বাৰম্বাৰ এনে দূৰ্ণীতৰ অভিযোগ উত্থাপন আৰু বাতৰি পৰিৱেশন হৈছে যদিও কিয় বিভাগীয়ভাৱে কোনোধৰণৰ বিহীত ব্যবস্থা গ্রহণ কৰা নহল সেয়া এক অবুজ সাথৰ ।

ৰাতিৰ এন্ধাৰত নদী ঘাটত নাও লগাবলৈ খোদ সমবায়ৰ পৰাই কৈছিল বুলি নাৱৰীয়াৰ বিষ্ফোৰক স্বীকাৰোক্তি ।

ৰাতিৰ এন্ধাৰত বৰপেটা জিলাৰ অধিনস্থ বাঘমাৰাচৰ সমবায়ৰ সমিতিৰ কোন কোন এজেন্টৰ চাউল গোৱালপাৰাস্থ দলগোমালৈ কি উদ্দেশ্য লৈ পঠিয়াই আছে সেয়া চিন্তনীয় বিষয় ।

 

এতিয়া প্ৰশ্ন হয় এনে দূৰ্ণীতি পৰায়ন সমাবায় সমিতিৰ বিৰুদ্ধে চৰকাৰে লবনে কোনো ব্যৱস্থা?