Local, Vocal, Global

হৃদয় কঁপাই তোলা এক ভয়ংকৰ পথ দুৰ্ঘটনা

 

জামুগুৰিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ৷
গুৰুত্বৰ ভাবে আহত দুজন ।

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাস্হিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুত্বৰ ভাৱে আহত হয়। কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা. এখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখিকৈ খুণ্ডা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো (২৯) থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন যুৱক গুৰুত্বভাৱে আহত হয়।জামুগুৰি আৰক্ষীয়ে আহত দুইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্হানীয় উত্তৰ জামুগুৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰায় যদিও দুয়োৰে অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷