Local, Vocal, Global

তীৰ্থযাত্ৰীৰ বাবে সুখবৰ । আৰম্ভ হ’ল অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন ।

অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ । বিখ্যাত অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন অহা এপ্ৰিল মাহৰ ১তাৰিখৰ পৰা আৰম্ভ হ’ব । চলিত বৰ্ষত ২৮জুনৰ পৰা ২২আগষ্ট পৰ্যন্ত হ’বলগীয়া এই যাত্ৰাৰ বিষয়ে শ্ৰী অমৰনাথজী মন্দিৰ ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে ৪০সংখ্যক বৰ্ড মিটিঙত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় লগতে জম্মু কাশ্মীৰৰ গৱৰ্ণৰ মনোজ সিনহাই শ্ৰী অমৰনাথজী মন্দিৰ বৰ্ডখন প্ৰতিনিধিত্ব কৰে ।