Local, Vocal, Global

শালকাটিত সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ধিং প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

শালকাটিত সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ধিং প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

ধিঙৰ শালকাটিত যোৱা কালি ২ জনকৈ সাংবাদিকক আক্ৰমণ কৰা ঘটনাক লৈ আজি ধিং প্ৰেছ ক্লাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে। ধিং প্ৰেছ ক্লাৱৰ কাৰ্যলয়ত সদস্য সকলে ক’লা বেজ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ব্যক্তিক অতি শীঘ্র আটক কৰি উপযুক্ত শাস্তি বিহাৰ দাবী তোলাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে। উল্লেখ্য যে , যোৱা ১১ জুলাইত ধিঙৰ শালকাটিত নগাঁও আৰক্ষীৰ এনকাউন্টাৰত জয়নাল আবেদিন নামৰ এজন দুৰ্ধষ ডকাইত নিহত হৈছিল।

একাংশই জয়নাল আবেদিন নিৰপৰাধী লোক বুলি দাবী কৰি যোৱা কালি এক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰা বাতৰি সংগ্রহৰ বাবে যোৱা ধিঙৰ দুই সাংবাদিক ক্ৰমে ইছামুদ্দিন আহমেদ আৰু দ্বীপজ্যোতি কাকতিক জয়নাল আবেদিনৰ আত্মীয় ই চি আৰ পি এফ আৰু আৰক্ষীৰ সন্মুখতে খেদি খেদি প্ৰহাৰ কৰিছিল। এই ঘটনাৰ প্ৰতিবাদতে আজি ধিঙৰ সংবাদ কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে।