Local, Vocal, Global

শীঘ্ৰেই মুকলি কৰা হ’ব চাংসাৰীস্থ এইমছ্ (AIIMS)গুৱাহাটী

কভিডৰ প্ৰকোপৰ মাজতেই ৰাজ্যলৈ সুখবৰ। শীঘ্ৰেই মুকলি কৰা হ’ব চাংসাৰীস্থ এইমছ্,গুৱাহাটী। সম্পূৰ্ণ সেউজ পৰিৱেশৰ মাজতে গঢ়ি তোলাৰ প্ৰচেষ্টা এইমছ্, গুৱাহাটী।যাৰ বাবে ইয়াৰ কেইবা সহস্ৰাধিক গছপুলিৰ ৰোপণৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ চৌহদত। এইমছ্ গুৱাহাটীৰ ৮৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। চলিত বৰ্ষৰ শেষৰ মাহৰফালে মুকলিৰ সম্ভাৱনা এইমছ্ গুৱাহাটী।যাৰবাবে উত্তৰ-পূৰ্বাঞ্চল তথা ৰাজ্যৰ স্বাস্থ্যখণ্ডত ঘটিব নতুন সৰ্ববৃহৎ সংযোজন।কভিড

সৃষ্ট পৰিৱেশৰ মাজতো শীঘ্ৰেই এই ভাল খবৰ আহিব ৰাজ্যবাসীৰ বাবে। অৱশ্যে কভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুণৰ এইমছ্ ৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে।

ইতিমধ্যে চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃ বিভাগৰ সেৱা,হোষ্টেল,প্ৰশাসনিক বিভাগ,অতিথি শালাৰ  বিল্ডিং আদিৰ কাম নাৰ্গাজুনা কনষ্ট্ৰাকচন কোম্পানী চমুকৈ NCC য়ে ৮৫শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ তুলি কৰিছে বুলি প্ৰকল্পটোৰ বিষয়াই জনাইছে।প্ৰায় ৭২০খন বিছনাযুক্ত বৃহৎ পৰিসৰৰ আই পি ডি বিভাগৰ  ৩৫ শতাংশ কাম ইতিমধ্যে হৈছে যদিও বাকীখিনি কাম পূৰ্ণগতিত আগবাঢ়িছে।দিল্লী এইমছ্ ৰ আৰ্হিত নিৰ্মাৰত এই চাংসাৰীত স্থাপিত এই এইমছ্ ৰ ৩২ টা ব্লক আৰু কেইবামহলাৰ বিল্ডিং নিৰ্মাণৰ শেষ স্পৰ্শ দিবলৈ অলপ বাকী।এতিয়া কেৱল চাংসাৰীৰ ৫৭১বিঘা ভূমিত  দিন-ৰাতি একাকাৰ কৰি  চলিছে নিৰ্মাৰত এইমছ্ ৰ কাম-কাজ