Local, Vocal, Global

বিদ্যুত গ্ৰাহক সকলৰ বাবে সু খবৰ

বিদ্যুত গ্ৰাহক সকলৰ বাবে সু খবৰ। মৰিগাঁও বিদ্যুত উপ সংমণ্ডলত বিদ্যুত বিল আদায় দিবলৈ বিদ্যুত গ্ৰাহকৰ লানি নিছিগা সোঁত।

অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুত চুৰি আৰু অনাদায় হৈ থকা বিদ্যুত বিল সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ হোৱা লগতে সকলো চৰকাৰী কৰ্মচাৰীকে চলিত মাহতে বিদ্যুত বিল পৰিশোধ কৰি বিল আদায় প্ৰমাণ পত্ৰ জমা কৰাৰ পিছত দৰমহা পাব বুলি ঘোষণা কৰাৰ লগে লগে অসমৰ সকলো বিদ্যুত বিভাগৰ কাৰ্যালয় বোৰত অভাবনীয় ভীৰ পৰিলক্ষিত হৈছে, এই সংক্ৰান্তত পিছ পৰি থকা নাই সম্পূৰ্ণ কন্টেনমেন জ’নত থকা মৰিগাঁও বিদ্যুত উপ সংমণ্ডলো ।

কভিড নীতি নিয়ম মাজেৰে দৈনিক কেইবা শতাধিক বিদ্যুত গ্ৰাহকে একেলগে বিল পৰিশোধ কৰিবলৈ মৰিগাঁও বিদ্যুত উপ সংমণ্ডলত উপস্থিত হোৱাত বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ কিছু সমস্যা হৈছে যদিও মৰিগাঁও বিদ্যুত বিভাগৰ উপ সংমণ্ডল বিষয়া গৰাকীৰ সু পৰিকল্পনাৰ বাবে সম্পূৰ্ণ কভিড নীতি নিয়মৰ মাজেৰে       দৈনিক কেইবা শতাধিক লোকে পৰিশোধ কৰি আহিছে বিদ্যুত বিল।

 

আনহাতে বিষয়া গৰাকীয়ে কৰোনা আৰু ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুত বিভাগে নিদিষ্ট কৰি দিয়া এপপচ বা আন আন ডিজিটেল মাধ্যমৰ যোগেদি অভিজ্ঞ সকলে অন লাইন মাধ্যমেৰে বিল পৰিশোধ কৰিব আহ্বান জনায়।

লগতে বিদ্যুত বিভাগে প্ৰদান কৰা অধিশুল্ক ৰেহাই আচনিৰ অনাদায় বিল আৰু কৰ্তন হৈ থকা গ্ৰাহক সকলক নিদিষ্ট সময়ৰ ভিতৰত সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।