Local, Vocal, Global

কৰ’নাত জৰ্জৰিত জলীউড…

কৰ’নাত জৰ্জৰিত জলীউড৷ ইজনৰ পিছত সিজনকৈ অসমৰ চলচ্চিত্ৰ, ধাৰাবাহিক, সংগীত জগতৰ কলা-কুশলী আক্ৰান্ত হৈছে কৰ’নাত৷ অসমৰ একাধিক শিল্পী, কলা-কুশলী আক্ৰান্ত হৈছে কৰ’নাত৷ সংগীত শিল্পী শেখৰ গোস্বামী, আচুৰ্য বৰপাত্ৰ কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈছে৷ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, চেতনা দাসৰ লগতে চেতনা দাসৰ স্বামী বিমল দাসো আক্ৰান্ত কৰ’নাত৷ সম্প্ৰতি বিমল দাস আইচিইউত চিকিৎসাধীন অৱস্থাত আছে৷ কৰ’নাত আক্ৰান্ত হৈছে জ্যেষ্ঠ অভিনেতা বিজিত দেৱ চৌধুৰী, অৱতোশ ভূঞাঁও৷ অভিনেত্ৰী নিকুমণি বৰুৱাও আক্ৰান্ত কৰ’নাত৷ সম্প্ৰতি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে নিকুমণি বৰুৱা৷

মঙলবাৰে দিনত কৰ’নাত আক্ৰান্ত হয় জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ বহুকেইজন কলা-কুশলী৷ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, দীপেজ্যাতি কেওট, পাপৰি বৰা, বেহাৰবাৰী আউটপোষ্টৰে ৰাকেশখ্যাত ৰিণ্টু বৰা আৰু জনপ্ৰিয় পৰিচালিকা ইনু বৰাও আক্ৰান্ত কৰ’নাত।