Local, Vocal, Global

আছাম ডাউন টাউন ইউনিভাৰছিটীৰ উদ্যোগত ভাৰ্ছুৱেল জব ফেয়াৰ উইক, ২০২০

দশম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু মহামাৰীৰ সময়ত নিবনুৱা সংস্থাপনৰ এক সেঁতু গঢ়াৰ উদ্দেশ্যে আছাম ডাউন টাউন ইউনিভাৰচিটীয়ে ষ্টমাক’ৰ সৈতে বৃহৎ ভাৰ্ছুৱেল সপ্তাহৰ আয়োজন কৰিছে৷ ৭ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ আৰু প্ৰথম ভাৰ্ছুৱেল জব ফেয়াৰ উইক৷ আছাম ডাউন টাউন ইউনিভাৰচিটীয়ে ষ্টুডেণ্ট মেনেজমেণ্ট চাৰ্ক’লৰ ৩০ হাজাৰ কৰ্মৰ অনুসন্ধানকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে৷

২৭ আগষ্টৰ পৰা এই জব ভাৰ্ছুৱেলত ছাত্ৰ-ছাত্ৰীয়ে আৱেদন কৰিছে৷ ১০ ছেপ্টেম্বৰত চূড়ান্ত বাছনি হ’ব৷ ফাৰ্মাচী, স্বাস্থ্যজনিত, বেংকিং, আই টি, এফ এম চি জিৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰক্ৰিয়াত আবেদন জনাব৷ কৰ্মৰ সন্ধানকাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক সুবৰ্ণ সুযোগ৷

Registration link: http://adtu.in/jobfair2020