Local, Vocal, Global

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰিলে

এইবাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰিছে। এসময়ত ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত নেতাজনে বিজেপিত যোগ দিয়ে। নেতাজনে বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে যোগ দিয়ে বিজেপিত।

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া কংগ্ৰেছৰ বাবে এক বৃহৎ আঘাত হিচাপে চিহ্নিত হৈছে। আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰসাদে কয়, বিজেপি হৈছে প্ৰকৃত ৰাজনৈতিক দল আৰু ই হৈছে প্ৰকৃত ৰাষ্ট্ৰীয় দল।

আন সকলো দল আঞ্চলিক ৰাজনৈতিক দল। বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীয়েহে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰিব পাৰিব।

জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত জিতিন প্ৰসাদৰ ৰূপত ৰাহুল গান্ধীৰ ঘনিষ্ঠ দ্বিতীয়গৰাকী নেতাই বিজেপিত যোগ দিলে। উল্লেখ্য যে, কংগ্ৰেছত অধিক সক্ৰিয়, দিগদৰ্শী আৰু পূৰ্ণকালীন নেতৃত্ব বিচাৰি পত্ৰ প্ৰেৰণ কৰা ২৩গৰাকী শীৰ্ষ কংগ্ৰেছ নেতাৰ ভিতৰত জিতিন প্ৰসাদো আছিল অন্যতম। প্ৰায় ২০বছৰ কংগ্ৰেছ দলৰ অংগ হৈ থকা তথা উত্তৰ প্ৰদেশত কংগ্ৰেছৰ একমাত্ৰ উচ্চবৰ্ণৰ শক্তিশালী প্ৰতিনিধি হিচাপে চিহ্নিত নেতাগৰাকীৰ দলত্যাগৰ খবৰ কংগ্ৰেছ দলৰ বাবে নিশ্চয় সুখকৰ নহ’ব।