Local, Vocal, Global

 হাতেৰে নহয় মূৰৰ সহায়ত আকি উলিয়াইছে বৰেণ্য ব্যক্তিৰ ছবি

হাতেৰে নহয় মূৰৰ সহায়ত আকি উলিয়াইছে বৰেণ্য ব্যক্তিৰ ছবি ৷ একাগ্ৰতা থাকিলে কৰিব নোৱাৰা যে একো কামেই নাই তাৰ এক জলন্ত নিদৰ্শন সৌৰভ বৰ্মন। চিৰাং জিলা বাসুগাঁও চহৰৰ সুভাষ নগৰ ১নং ৱাৰ্ডৰ সৌৰভ বৰ্মন নামৰ যুৱক জনে নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

হাতৰ সলনি মূৰতৰ  সহায়ত ওলোটাই আকি উলিয়াইছে সুন্দৰ ছবি ৷  মূৰত পিন্ধা টুপিত তুলিকা লৈ এজনৰ পিছত আনজন বৰণ্য ব্যক্তিৰ ছবি ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো,  চনু চুদ, বিৰাট কোহলি আদিকে কৰি ভালে সংখ্যক বৰেণ্য ব্যক্তিৰ ছবি ইতিমধ্যে সৌৰভে আকিবলৈ সক্ষম হৈছে ৷

আজৰি সময়ত ইউটিউব,ফেচবুকত ভিডিঅ চাই ব্যতিক্ৰমী ছবি অংকনৰ প্ৰতি আকৰ্ষিত হৈছিল সৌৰভ বৰ্মন ৷ পৰৱৰ্তীসময়ত লক ডাউনৰ মাজতেই মূৰত পিন্ধা টুপীত তুলিকা লগাই ওলোটাই ছবি অংকন কৰিবলৈ আৰম্ভ কৰে সৌৰভ বৰ্মনে ৷

বিশেষভাৱে সক্ষম লোকসকলোক চিত্ৰাংকনৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি সৌৰভে এইদৰে আকি গৈছে ব্যতিক্ৰমী ছবি ৷ ইতিমধ্যে সৌৰভে ভালে কেইগৰাকী বৰেণ্য ব্যক্তিৰ এইদৰে ছবি অংকন কৰাৰ উপৰিও বাহঁৰ কাঠিৰে ছবি অংকন কৰি উলিয়াইছে ৷  এই Bamboo painting ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি অংকণ কৰিবলৈ সক্ষম হৈছে ৷  যাৰ বাবে  Asia book of records আৰু  India book of records ত স্থান দখল কৰিবলৈও সক্ষম হৈছে প্ৰতিভাৱান যুৱক গৰাকীয়ে।