Local, Vocal, Global

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড হাস্পতাল

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড হাস্পতাল ৷নতুন ক’ভিড হাস্পতালখনৰ বাবে নতুন চিকিৎসাকৰ্মী, হাস্পতালকৰ্মী তথা উন্নত চিকিৎসা সামগ্ৰী আদিৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ পাইছে৷

এই হাস্পতালখনত ৩০০খন বিছনা থকাৰ উপৰি ২০০খন আইচিইউ বিছনাৰো ব্যৱস্থা থাকিব৷
ডিআৰডিঅ’-ই নির্মাণ কৰা ৩০০বিছনাযুক্ত সৰুসজাইৰ ক’ভিড চিকিৎসালয় মুকলি কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে জিএমচিএইচৰ অধ্যক্ষৰ লগতে সকলো আন কৰ্মীসকলে।

হাস্পতালখনত ৬০গৰাকী প’ষ্ট MBBS চিকিৎসকক নিয়োগ কৰাৰ লগতে ২২গৰাকী জিএমচিএইচৰ ষ্টাফ নাৰ্চ, ১৮গৰাকী ক’ভিড আইচিইউৰ বিশেষ নাৰ্চকে ধৰি ক’ভিড পৰিস্থিতিক সম্পৰ্কত অভিজ্ঞতা থকা অধীক্ষক নিয়োগ কৰা হ’ব সৰুসজাই এই বিশেষ চিকিৎসালয় ,লগতে থাকিব পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য সকলো কৰ্মী তথা সহায়ক। ইতিমধ্যেই আইচিইউৰ বিছনাসমূহৰ মনিটৰ, ভেণ্টিলেটৰকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সকলো মেচিন আহি পাইছে।