Local, Vocal, Global

 ভ্ৰাম্যমাণ নাট্যজগতৰ আন এক অপূৰণীয় ক্ষতি

অসমৰ ভ্ৰাম্যমাণ জগতৰ আন এক বৃহৎ ক্ষতি। ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকাৰ দেহাৱসান।দেওবাৰে হঠাৎ নিজ গৃহ বেলশৰত হৃদৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ নলবাৰীৰ সাৰথি হাস্পতালত ভৰ্ত্তি কৰোৱা হয় শিল্পীগৰাকীক। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCH লৈ প্ৰেৰণ কৰা হয় শিল্পী জীৱেশ্বৰ ডেকাক। কিন্তু GMCH লৈ আহি পোৱাৰ কিছুসময় পিছতেই মৃত্যু হয় তেওঁৰ। অসমৰ ভালেসংখ্যক ভ্ৰাম্যমাণ নাট্যদলত অভিনয় কৰিছিল শিল্পীগৰাকীয়ে। জীৱেশ্বৰ ডেকাৰ বহু উল্লেখযোগ্য নাটকৰ ভিতৰত কেইখনমান নাটক আছিল ‘দীনবন্ধু’, ‘দধিচী’, ‘মিলন মালা’ আদি। থিয়েটাৰ ভাগ্যদেৱীৰ ‘মিলন মালা’ আছিল তেওঁৰ জীৱনৰ এখন যথেষ্ট জনপ্ৰিয় নাটক। ‘মিলন মালা’ নাটখনৰ জৰিয়তে অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল শিল্পীগৰাকীয়ে। নটসূৰ্য বঁটাও লাভ কৰিছিল শিল্পী জীৱেশ্বৰ ডেকাই।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ।