Local, Vocal, Global

ৰাজ্যত ৯০ হাজাৰ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১২৭২ গৰাকী। নতুনকৈ আক্ৰান্তসকলৰ ২৮০ গৰাকী কামৰূপ মহানগৰৰ আৰু ১৩৪ গৰাকী কাছাৰ জিলা। বিগত ২৪ ঘন্টাত ৰাজ্যত আৰোগ্য লাভ কৰে ৩২৫৯ গৰাকী ৰোগীয়ে । ইয়াৰ বিপৰীতে মৃত্যু হয় ৭ গৰাকী লোকৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৯০,৭৪০ গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভতিছে ৭০, ৯০০গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২৯,৫৯৫ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৪২ গৰাকী লোকৰ।

বিগত ২৪ ঘন্টাত ১৮৪৩৫ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা সম্পন্ন কৰা হৈছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টাত আক্ৰান্ত লোকৰ হাৰ ৬.৮৯ শতাংশ।