Local, Vocal, Global

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

দেওবাৰে ৰাজ্যত পুনৰ  কৰ’নাত আক্ৰান্ত ১১৭৮ গৰাকী। নতুনকৈ আক্ৰান্ত ২৬৮ গৰাকী কামৰূপ (মহানগৰ)। দেওবাৰে ৰাজ্যত ৯৪২ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে।

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৪২,৯০৪ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩২,৩৮৪ গৰাকী। বৰ্তমান ৰাজ্যত ১০,৪১২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১০৫ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ৰাজ্যত ২৪ ঘন্টাত ১৯,৯৪৩গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। দেওবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৯১ শতাংশ।