Local, Vocal, Global

বাঢ়িছে কৰ’নাৰ সংক্ৰমণ, বন্ধ হ’ল প্ৰথম শ্ৰেণীৰ ক্ৰিকেট

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হ’ল দক্ষিণ আফ্ৰিকাত ঘৰুৱা ক্ৰিকেট। শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট দলত থকা দক্ষিণ আফ্ৰিকাৰ ১৬জনৰ ১০জনেই কৰ’না আক্ৰান্তৰ সৈতে খেলিছিল এই সপ্তাহত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট। এই দ্ৰুত সংক্ৰমণ ৰোধৰ বাবেই দেশখনত বন্ধ কৰি দিয়া হ’ল ঘৰুৱা ক্ৰিকেট। বৰ্তমান দক্ষিণ আফ্ৰিকাত কৰ’নাৰ দ্বিতীয় তৰংগ চলি আছে। ফলত অহা মাৰ্চপৰ্যন্ত ঘৰুৱা ক্ৰিকেট বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ক্ৰিকেট ছাউথ আফ্ৰিকাই। দেওবাৰে দক্ষিণ আফ্ৰিকাত তিনিখনকৈ চাৰিদিনীয়া মেচ আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু বৰ্তমান সকলো বাতিল কৰা হৈছে। জানিব পৰা অনুসৰি সোমবাৰে ঘৰুৱা ক্ৰিকেটত দলফিন্স বনাম টাইটান্সৰ মাজৰ মেচৰ প্ৰথম দিনা খেলৰ অন্তত বাতিল কৰা হয়। মেচখনত অংশগ্ৰহণ কৰিছিল দক্ষিণ আফ্ৰিকাৰ ৫জনকৈ ক্ৰিকেটাৰে। য’ত লায়ন্স দলটোৰ এগৰাকী ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছিল কৰ’না ভাইৰাছ।