WATCH | Jamugurihat News : নামঘৰত হৰিধ্বনি দি মন্টু বৰাক যুদ্ধ ক্ষেত্ৰলৈ পঠিয়ালে গঞা ৰাইজে
জামুগুৰিহাট,১০মে’ : দেশমাতৃৰ সেৱাৰ উদ্দেশ্যৰে সীমান্তত যুদ্ধৰ বাবে যাবলৈ ওলোৱা এজন যুৱকক গঞা ৰাইজে নামঘৰত হৰিধ্বনিৰে বিদায় দি চৰম দেশপ্ৰেমৰ চানেকি দিয়া পৰিলক্ষিত হৈছে৷
এই দৃশ্য জামুগুৰিহাটৰ ঢেকেৰী গাওঁৰ ৷ ঢেকেৰী গাও নিৱাসী এইজন CRPFত নিয়োজিত এজন যুৱক মন্টু বৰাই এমাহৰ ছুটি লৈ ঘৰলৈ আহিছিল যদিও চৰকাৰৰ নিৰ্দেশ পাই পুনৰ ওভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ(Jamugurihat News)৷ সেয়ে আজি গঞা ৰাইজে যুৱকজনক নামঘৰত যুদ্ধ জিনি অহাৰ আৰ্শীৱাদ প্ৰদান কৰি সমূহীয়া হৰিধ্বনি দি বিদায় দিয়ে ৷
আনহাতে দেশমাতৃ ৰক্ষাৰ বাৱে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য কৰে জোৱান মন্টু বৰাৰ পিতৃ চেনীৰাম বৰা আৰু মাতৃ আৰতি বৰাই ৷