WATCH | Jagiroad News : মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জাগীৰোডৰ ব’হাগী উৎসৱৰ সকলো কাৰ্যসূচী বাতিল
জাগীৰোড,১০মে’ : জাগীৰোডত বাতিল বিহুৰ অনুষ্ঠান ৷ সংগৃহীত ধনৰ এটা অংশ প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰদানৰ সিদ্ধান্ত ৷ দেশৰ শেহতীয়া পৰিস্থিতি আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাতিল কৰা হৈছে জাগীৰোডৰ বসন্ত উৎসৱ ৷
অহা ১৩ আৰু ১৪ মে’ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপনৰ দিহা কৰিছিল নখোলা আঞ্চলিক ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ৷ ইতিমধ্যে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছিল মঞ্চ আৰু পেণ্ডেল নিৰ্মাণৰ লগতে যাৱতীয় সকলো কামকাজ ৷ কণ্ঠশিল্পী পাপৰী গগৈ আৰু আনায়া ব্ৰহ্মক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল আয়োজক সমিতিয়ে(Jagiroad News)৷
কিন্তু দেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বসন্ত উৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰিছে উদযাপন সমিতিয়ে ৷ আনহাতে বিহু উপলক্ষে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধনৰ এটা অংশ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে নখোলা আঞ্চলিক ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ৷
সকলো বিষয়ববীয়াৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে নখোলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাজু ডেকা আৰু মুখ্য উপদেষ্টা বাবুল কৰ্মকাৰে ৷
লগতে পঢ়ক : Watch | Environment Awareness Meeting at Bamunigaon Higher Secondary School in Kamrup District: কামৰূপ জিলাৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ সজাগতা সভা