Local, Vocal, Global

নাই হাত, নাই ভৰি কিন্তু জিভাৰে খেলে পাবজী

0 13

মনত প্ৰবল ইচ্ছা শক্তি থাকিলে সকলো সম্ভাব তাকে প্ৰমাণ কৰিছে দলগাঁৱৰ বৰগৰা চাহ বাগিছাৰ এজন যুৱকে নাই হাত নাই ভৰি কিন্তু জিভাৰে খেলে পাবজী । পাবজী খেল,ভাৰতত অধিক যুৱ-প্ৰজন্মৰ মাজত  জনপ্ৰিয় মুবাইল গেম হ’ল পাবজী ।ভাৰত চৰকাৰে ৰঙা চীনৰ ওপৰত ডিজিটেল ট্ৰোইক চলাইছিল । যাৰ বাবে ১১৮ টা কৈ মুবাইল এপ নিষিদ্ধ  কৰিছিল ভাৰত চৰকাৰে ।তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আছিল পাবজী মুবাইল গেম । ভাৰতত পাবজীৰ নতুন এপ ওলাইছে । পাবজী খেল আচলতে এনেকৈ খেলা হয় ?হাতেৰে নহয় নে বাৰু ? কিন্তু দৰং জিলাৰ  বৰগৰা চাহ বাগিছাৰ এজন যুৱক নাম ইন্দ্ৰ বৰা তেওঁ  ব্যতিক্ৰমী ৰূপত পাবজী খেলা পৰিলক্ষিত হৈছে । কাৰণ যুৱকজনৰ নাই হাত নাই ভৰি  জিভাৰে পাবজী খেলি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সমগ্ৰ দৰং জিলাত ।

যুৱকজনে জীভাৰে পাবজী খেলি থকাৰ ভিডি’অ ইউটিউবত লাইভ ষ্ট্ৰিম কৰে । যুৱকজনৰ ADNGamingYT নামৰ এটা ইউটিউব চেনেল আছে মুঠ ৮ লাখ ২৭ হাজাৰ অনুৰাগী আছে ইউটিউবত ।যুৱকজনৰ বৰ্তমান একমাত্ৰ উপাৰ্জনৰ আহিলা হ’ল ইউটিউব ।

মানুহে কথাত কয় মনত ইচ্ছা শক্তি থাকিলে কি কৰিব নোৱাৰে ইচ্ছা থাকিলে

সকলো সম্ভাব তাকে প্ৰমাণ কৰিছে যুৱকজনে।যুৱকজন সামাজিক মাধ্যমত  যথেষ্ট ভাইৰাল হোৱা পৰিলক্ষিত হৈছে ।

🔹ইউ টিউবে তেওঁৰ জীয়াই থকাৰ প্ৰেৰণা

🔹পাবজি গেম খেলিভাইৰেল দলগাঁৱৰ এজন যুৱক

🔹হাতেৰে নহয় জিভাৰে পাবজি খেলি চৰ্চাত দলগাঁৱৰ এজন যুৱক

🔹হাত ভৰি নথকা যুৱক জনে পাবজি খেলি পোহপাল দিয়ে পৰিয়ালক।

Leave A Reply

Your email address will not be published.