মহানগৰীত ভয়ংকৰ পথ দূৰ্ঘটনা – দূৰ্ঘটনাত নিহত ১

নিউজ ডেস্ক, ২৫ ফ্ৰেব্ৰুৱাৰীঃ মহানগৰীৰ নুনমাটিত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। নুনমাটিৰ গোপাল নগৰৰ কালি মন্দিৰৰ সন্মুখত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই দেৱালত খুন্দা মাৰে বাইক আৰোহীয়ে। গুৰুতৰভাৱে আহত হয় বাইক আৰোহী দুজন, লগতে আহত হয় এজন পথচাৰী। দূৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 15 L 5852।
জানিব পৰা মতে, বাইক আৰোহী দুজনৰ নাম বিশ্বজিৎ কলিতা আৰু পিংকু শৰ্মা। ইয়াৰে পিংকু শৰ্মাৰ থিতাতে মৃত্যু হয়।