Local, Vocal, Global

কৰ’নাত আক্ৰান্ত অসমৰ মডেল ইশিকা

অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা আবেদনময়ী মডেল  ইশিকা বৰা আক্ৰান্ত হৈছে  কৰ’নাত। নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকা বৰা বিগত এটা দশক জুৰি গ্লেমাৰ জগতৰ লগতে বহু আন্তৰ্জাতিক কোম্পানীৰ  বিজ্ঞাপনৰে জড়িত । মডেলিং জগতত আত্মপ্ৰকাশ কৰা ইশিকা বৰাই এছিয়াৰ শ্ৰেষ্ঠ আবেদনময়ী মডেলৰ তালিকাতো শীৰ্ষ স্থান লাভ কৰিছিল।

 

১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল ইশিকা বৰা। গুৱাহাটীতে  SWAB  সংগ্ৰহৰ পিছতে নগাঁৱৰ কামপুৰৰ ঘৰত হোম কোৱাৰেণ্টিনত আছিল ইশিকা । ২৩জুনৰ নিশা ক’ভিড-১৯ পজিটিভ হোৱাৰ পিছতে বুধবাৰে পুৱা ইশিকাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছে।  ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত পৰ্যাপ্ত সুবিধা নোপোৱাৰ লগতে লেতেৰা পৰিৱেশত ক’ভিড ৰোগীক ৰখাৰো অভিযোগ তুলিছে মডেলগৰাকীয়ে ।