২০২০ৰ চিকিৎসা বিজ্ঞানৰ ন’বেলৰ দাবীদাৰ বাবা ৰামদেৱ!

২০২০ৰ চিকিৎসা বিজ্ঞানৰ ন’বেলৰ দাবীদাৰ বাবা ৰামদেৱ!
ক’ভিড-১৯ৰ চিকিৎসা, প্ৰতিষেধক বিচাৰি বিশ্বৰ বিজ্ঞানী-গৱেষকমহলে হাবাথুৰি খাই থকাৰ সময়তে হঠাৎ প্ৰেক্ষাপটত আৱিৰ্ভাৱ হ’ল বাবা ৰামদেৱ৷ হাতত কৰ’নাৰ মহৌষধ৷ নাম কৰ’নিল৷ বাবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান পতঞ্জলি আয়ুৰ্বেদৰ চি অ’ আচাৰ্য বালকৃষ্ণক কাষত লৈ ৰামদেৱে ঘোষণা কৰিলে কৰ’নাক নিৰ্মূল কৰিব পৰা মহৌষধ আৱিষ্কাৰ কৰিছে তেওঁলোকে৷ নাম হ’ল তাৰ কৰ’নিল৷ মঙলবাৰে বাবা ৰামদেৱে হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠত সাংগোপাংগক লগত লৈ ঘোষণা কৰিলে পতঞ্জলি আয়ুৰ্বেদে কৰ’না সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পৰা বিশ্বৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ কৰ’নিল আৱিষ্কাৰ কৰিলে৷
বাবা ৰামদেৱৰ দাবী তেওঁলোকে কৰ’নিলৰ দুটা পৰ্যায়ত পৰীক্ষা কৰা হৈছিল৷ দিল্লী, আহমেদাবাদ আৰু কেইবাখনো চহৰত ২৮০জন কৰ’না আক্ৰান্তক এই ঔষধ খাবলৈ দিয়া হৈছিল৷ আৰু তেওঁলোকৰ শতকৰা ১০০জনেই হৈছিল আৰোগ্য৷ আনহে নালাগে তাৰে শতকৰা ৬৯ শতাংশ জনেই ৩ দিনতে সুস্থ হৈছিল আৰু সকলোকে সুস্থ হৈ হৈ উঠিবলৈ লাগিছিল সৰ্বাধিক ৭ দিন৷
ৰামদেৱৰ দাবী আৰু ছ’চিয়েল মিডিয়াত ধুমুহা
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ ক’তো কোনেও উলিয়াব পৰা নাই কৰ’নাৰ প্ৰমাণিত ঔষধ কিম্বা প্ৰতিষেধক৷ তেনে অৱস্থাত স্বাভাৱিকতে বাবা ৰামদেৱৰ এই তথাকথিত কৰ’নাৰ মহৌষধক লৈ দেশজুৰি বিতৰ্কৰ জোঁৱাৰ উঠিল৷ প্ৰতিক্ৰিয়া তুংগত উঠাৰ লগে লগে হস্তক্ষেপ কৰিলে দেশৰ আয়ুষ মন্ত্ৰ্যালয়ে৷ তাৎক্ষণিকভাৱে বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদক আয়ুষ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ তাৎক্ষণিকভাৱে কৰ’নিলৰ বিপণন আৰু বিজ্ঞাপন বন্ধ কৰক৷ প্ৰথমতে এই ঔষধৰ সবিশেষ জনাওক মন্ত্ৰ্যালয়ক৷ তেতিয়াহে যেন সম্বিত ঘূৰাই পালে কৰ’নাৰ মহৌষধ উদ্ভাৱনৰ দাবী তোলা বাবা ৰামদেৱ এণ্ড কোম্পানীয়ে৷ বালাকৃষ্ণই টুইটাৰত জনালে ক্লিনিকেল ট্ৰায়েল আৰু যাৱতীয় তথ্য আয়ুষ মন্ত্ৰ্যালয়ক জমা দিয়া হ’ল৷ চাবোন-চেম্পু, বনৌষধী প্ৰস্তুত কৰি খ্যাতি লাভ কৰা বাবা ৰামদেৱৰ কোম্পানীয়ে বিশ্বৰ ডাঙৰ ডাঙৰ বিজ্ঞানী, বৈজ্ঞানিক প্ৰতিষ্ঠানে উদ্ভাৱন কৰিব নোৱৰা কৰ’নাৰ ঔষধ আৱিষ্কাৰ বুলি কৰা দাবীক বিভিন্নজনে ছ’চিয়েল মিডিয়াত কটাক্ষ কৰিছে৷ কি ফেচবুক, কি টুইটাৰ সকলোতে ৰামদেৱৰ দাবীক ব্যংগ কৰিছে৷ কোনোবাই কৈছে ২০২০ চনৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা পাব বাবা ৰামদেৱে৷ আন বহুতেই ছ’চিয়েল মিডিয়াত বিভিন্ন মিম আপলোড কৰি বাবা ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণক ভেঙুচালি কৰিছে৷ বাবা ৰামদেৱে হেনো পেট্ৰ’লৰ দাম কমোৱাৰ বাবেও দৰৱ উলিয়াইছে৷ বিশেষকৈ ৰামদেৱৰ জোখতকৈ বেছি দাবীক আয়ুষ মন্ত্ৰ্যালয়ে লেকাম টনাক লৈ বিভিন্নজনে মিম প্ৰস্তুত কৰিছে৷
সেয়া যি কি নহওক, বাবা ৰামদেৱৰ মতে তেওঁৰ পতঞ্জলি যোগপীঠে জয়পুৰৰ ব্যক্তিগত খণ্ডৰ নেচনেল ইন্সষ্টিটিউট অব মেডিকেল চায়েন্সৰ সৈতে মিলি প্ৰস্তুত কৰা কৰ’নিল নামৰ ঔষধক লৈ ৰাইজৰ মাজত কৌতুহল সৃষ্টি হৈছে৷
ৰামদেৱৰ কৰ’না কিটত আছে কি?
পতঞ্জলিৰ কৰ’না কিটত আছে ৩টা আয়ুৰ্বেদিক ঔষধ৷ টেবলেটৰ ৰূপত দুবিধ আৰু নাকত দিবলৈ এবিধ৷ কৰ’নিল আৰু স্বাচৰিবটি হ’ল টেবলেট৷ আৰু অনু অইল হ’ল এবিধ তেল৷ পতঞ্জলি আয়ুৰ্বেদৰ মতে তেওঁলোকৰ কৰ’নাৰ ঔষধত আছে অশ্বগন্ধা, অমৰলতা বা গিলৈ আৰু তুলসী৷ ৰামদেৱৰ মতে সিমানেই নহয়, এশবিধ বনৌষধী আছে তেওঁলোকৰ কৰ’নিলত৷
কৰ’নিল খোৱাৰ নিয়মনো কি?
পতঞ্জলিৰ মতে কৰ’নাত আক্ৰান্ত ৰোগীয়ে পুৱা-দুপৰীয়া আৰু গধুলি আহাৰ খোৱাৰ আধাঘণ্টা পিছত দুটাকৈ টেবলেট গৰম পানীত মিহলাই খাব লাগিব৷ ১৫ বছৰৰ পৰা ৮০ বছৰৰ বয়সৰ ৰোগীৰ বাবে এই পালি৷ ৬ বছৰৰ পৰা ১৪ বছৰপৰ্যন্ত বয়সৰ ৰোগীয়েও এই ঔষধ খাব পাৰিব, কিন্তু মাত্ৰা হ’ব আধা৷ ৩টা ঔষধৰ পতঞ্জলিৰ কৰ’না কিটৰ দাম ধাৰ্য কৰা হৈছিল ৫৪৫ টকা৷
কৰ’নিলৰ নামত ৰামদেৱৰ ব্যৱসায়ৰ অংক?
বিভিন্ন সময়ত বাবা ৰামদেৱে বিভিন্ন দাবীৰে নিজৰ অনুৰাগীৰ সংখ্যা বঢ়াই আহিছে৷ একেসময়তে বৃদ্ধি কৰি আহিছে পতঞ্জলিৰ ব্যৱসায়িক সাম্ৰাজ্য৷ কিন্তু এইবাৰ একেকোবে বিশ্বৰ সকলো বিজ্ঞানীয়ে দিনে-ৰাতিয়ে গৱেষণা কৰি উদ্ভাৱন কৰিব নোৱৰা কৰ’নাৰ ঔষধকে আৱিষ্কাৰ কৰা বুলি যি দাবী কৰিলে তাকে লৈ সকলোৰে মনত প্ৰশ্ন চিহ্ন? ৰাজস্থান চৰকাৰে বাবা ৰামদেৱৰ দাবীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ সম্প্ৰতি দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৫ লক্ষাধিক হৈছেগৈ, কৰ’নাৰ ভয়ত পেটতে হাত-ভৰি লুকাইছে সৰ্বসাধাৰণৰ, সেই সময়ত কৰ’নাৰ মহৌষধ বুলি বাবা ৰামদেৱে কৰ’নিলৰ ব্যৱসায়েৰে নিজৰ ডুবন্ত ব্যৱসায়িক সাম্ৰাজ্যক পাৰ পোৱাব খুজিছে নেকি? সন্দেহ হোৱাটো স্বাভাৱিক৷ কিয়নো বিভিন্ন কাৰণত পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাইছে বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদ আৰু অন্যান্য প্ৰতিষ্ঠানৰ সামগ্ৰীয়ে৷ তেনেস্থলত বাবা ৰামদেৱৰ মতলব ভাল নহয় বুলিয়েই ধাৰণা সৰ্বসাধাৰণৰ৷