Local, Vocal, Global

পতঞ্জলি হ’ব নেকি IPLৰ টাইটেল স্পনচৰ?

গালোৱান বিবাদৰ পিছতেই সম্পৰ্কৰ অৱনতি ঘটিছিল ভাৰত আৰু চীনৰ । সমগ্ৰ ভাৰতত চীনা সামগ্ৰী বৰ্জনৰ বাবে তীব্ৰ জনমতৰ সৃষ্টি হয় ।দেশবাসীৰ প্ৰতিবাদৰ অন্তত বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগৰ স্পনচৰ VIVO-ৰ সৈতে সম্পৰ্কৰ লগতে টাইটেল স্পনচৰৰ পৰাই বাদ দিব লগা হয় BCCIয়ে ।

IPLলৈ প্ৰায় এমাহ বাকী আছে। কিন্তু বৰ্তমানেও BCCI-এ কোনো প্ৰতিষ্ঠান বা ব্ৰেণ্ডৰ লগত টাইটেল স্পনচৰ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ কৰা নাই। IPLৰ টাইটেল স্পনচৰৰ বাবে মন মেলিছে দেশী-বিদেশী বহুতো প্ৰতিষ্ঠান তথা ব্ৰেণ্ডে। শেহতীয়াকৈ খবৰ আহিছে যে বাবা ৰামদেৱৰ পতঞ্জলিয়েও IPLৰ টাইটেল স্পনচৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
২০০৬ চনৰে পৰা হাৰ্বেল প্ৰডাক্ট উৎপাদন কৰি দেশত স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে এক জাগৰণ সৃষ্টি কৰা পতঞ্জলিয়ে মন মেলিছে নিজৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাৰ বাবে।

সংবাদ প্ৰতিষ্ঠান ইক’ন’মিক টাইমছক পতঞ্জলিৰ মুখপাত্ৰই জনাইছে যে, ‘এইবছৰ আইপিএলৰ টাইটেল স্পনচৰ হোৱাৰ কথা ভাবিছো আমি৷ আমাৰ পতঞ্জলি ব্ৰেণ্ডক আৰু আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লৈছো। ’
ব্ৰেণ্ড বিশ্লেষক হৰিশ বিজৰেৰ মতে, পতঞ্জলি টাইটেল স্পনছৰ হ’লে তেওঁলোকৰেই লাভ হ’ব। তেওঁ লগতে কয় যে, ‘ৰাষ্ট্ৰীয়তাবাদ প্ৰেক্ষাপটত থাকি পতঞ্জলি স্পনচৰ হ’লে ইতিবাচক প্ৰভাৱ পৰিব। কাৰণ দেশত এতিয়া চীন বিৰোধী শ্লোগান।’

যদি বাবা ৰামদেৱে ভবা অনুসৰি IPৰ টাইটেল স্পনচৰৰ দৌৰত পতঞ্জলি সফল হয় তেন্তে DLF, PEPSI, আৰু VIVOৰ পিছত ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব পতঞ্জলি IPL।