তেজপুৰত উদ্ধাৰ এটি শিশুৰ মৃতদেহ

তেজপুৰৰ ৰুদ্ৰপদত সংঘটিত হয় এক শোকাৱহ ঘটনা। ৰুদ্ৰপদৰ পানীৰ যুঁৱলীত উদ্ধাৰ হয় এটি ৮ বছৰীয়া শিশুৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। স্থানীয় ব্যক্তিয়ে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু তেজপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শিশুটিৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।