Local, Vocal, Global

MoU between NHAI and Forest Department: ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বন বিভাগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত

গুৱাহাটী, ১৯ আগষ্ট: শনিবাৰে দিশপুৰৰ জনতা ভৱনত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত তেওঁৰ কাৰ্যালয়ত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (MoU between NHAI and Forest Department) ।

এই বুজাবুজি চুক্তিৰ অধীনত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাষত গছপুলি ৰোপণেৰে সেউজ আৱৰণ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে । চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত বঙাইগাঁও, নলবাৰী, নগাঁও আৰু বৰপেটা- এই চাৰিটা সংমণ্ডল সামৰি লোৱা হ’ব । পৰিৱেশ আৰু বন বিভাগৰ সামাজিক বনানীকৰণ শাখাই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৰু ডিভাইডাৰত গছ ৰোপণৰ পৰিকল্পনা কাৰ্যকৰী কৰিব আৰু গছপুলিৰ বৃদ্ধি সুনিশ্চিত কৰিব ।

ৰাজ্যখনত বনাঞ্চলৰ আৱৰণ বৃদ্ধি কৰা, কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰা আৰু ঘাইপথত চালকসকলৰ বাবে গাড়ী চলোৱাৰ অনুকুল পৰিৱেশ প্ৰদান কৰা হৈছে এই বুজাবুজি চুক্তিৰ প্ৰধান লক্ষ্য।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বন বিভাগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত

বুজাবুজি চুক্তিত স্বাক্ষৰকাৰী দুয়োটা পক্ষকে ৰাজ্যখনৰ সেউজ ঘাইপথৰ লক্ষ্যত উপনীত হ’বলৈ নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই বনমন্ত্ৰী পাটোৱাৰী (Assam Forest Minister Chandra Mohan Patowary)য়ে আশা কৰে যে চুক্তিখনে ৰাষ্ট্ৰীয় ঘাইপথ সেউজকৰণৰ এই প্ৰচেষ্টাক ত্বৰান্বিত কৰিব আৰু এই অংশীদাৰিত্বৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰিব । ইয়াৰোপৰি তেওঁ সামাজিক বনানীকৰণ বিভাগক সোণাৰু, কৃষ্ণচূৰা, বকুল আদি থলুৱা গছ ৰোপণত গুৰুত্ব দিবলৈ পৰামৰ্শ প্ৰদান কৰে, যিবোৰে অসমৰ জলবায়ুত ক্ষিপ্ৰতাৰে বৃদ্ধি হৈ ঘাইপথবোৰ সুন্দৰ কৰি তুলিব । তেওঁ ঘাইপথসমূহ সেউজীয়া কৰাৰ বাবে দ্ৰুতগতিত বৃদ্ধি হোৱা গছ ৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

শনিবাৰে আয়োজিত এই অনুষ্ঠানত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয়ৰ যুটীয়া উপদেষ্টা বিকাশ ব্ৰহ্মকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Invest in Assam: ৰাজ্যত প্ৰকল্প স্থাপনৰ আহ্বানেৰে বিনিয়োগকাৰীলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ