Local, Vocal, Global

BJP leader slams Himanta Biswa Sarma : নগাঁৱত পুনৰ মুখ খুলিলে প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোঁহায়ে

নিউজ ডেস্ক, ১৯আগষ্ট : নগাঁৱত পুনৰ মুখ খুলিলে প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোঁহায়ে ( BJP leader Rajen Gohain upset over delimitation also attack assam cm)। শণিবাৰে সংবাদ মাধ্যমৰ আগত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে(BJP leader Rajen Gohain upset over delimitation) ৷

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় , ”দিল্লীত মই গৈছিলো যেতিয়াই মুখ্যমন্ত্ৰী দিল্লীত আছিলে । মই তেতিয়াই ভদ্ৰতাৰ খাতিৰত তেখেতক লগ কৰিবলৈ গৈছিলো কিন্তু তেখেতৰ তেতিয়াই ইণ্টাৰভিউ চলি আছিলে । তেতিয়াই তেওঁ কলে যে কিছু সময় দেৰি হ’ব আৰু মই ৰৈ আছিলো। সেয় সময়ত বহু মানুহ আহিছে আৰু গৈছে । সেয় সময়তে অজন্তা নেওগ,তুলিৰাম ৰংহাং,বিত্ৰ মাৰ্ঘেৰিটা আৰু বহুতকে লগ কৰিলে মুখ্যমন্ত্ৰীয়ে । কিন্তু মোক অলপ সময় ৰব ক’লে ।কিন্তু বহু সময় মই অপেক্ষা কৰাৰ পিছটো কোনোৱে মোক মাত নিদিলে তেতিয়াই অপমানিত হ’লো আৰু ঘূৰি আহিলো” মোক মুখ্যমন্ত্ৰীৱে গুৰুত্ব নিদিলে । কিন্তু পিছত তেওঁ মোৰ ল’ৰাক ফোন কৰি আকৌ মাতিলে’’ ।

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কয় , ‘‘সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত দুটাকৈ সমষ্টি হেৰুৱাব বিজেপিয়ে। কলিয়াবৰ আৰু নগাঁও সমষ্টি হেৰুৱাব বিজেপিয়ে(BJP leader slams Himanta Biswa Sarma)” ।

দলীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিলে দল বিপদৰ সন্মুখীন হ’ব । মুখ্যমন্ত্ৰীয়ে সাধাৰণ কৰ্মীক গুৰুত্ব দিয়াৰ লগতে সকলোৰে লগত মিলিজুলি সিদ্ধান্ত লওঁক । মুখ্যমন্ত্ৰীয়ে এককভাৱে সিদ্ধান্ত লোৱাৰ বাবে এই অৱস্থা । দল সংকটত আছে আৰু এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন’’ ।

লগতে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে উল্লেখ কৰে যে, ‘‘দলীয় অসন্তুষ্টি যথেষ্ট বৃদ্ধি পাইছে । আৰু ইয়াৰ প্ৰভাৱ নিশ্চয় লোকসভা নিৰ্বাচনত পৰিব । নগাঁও সমষ্টি পুনৰ নিৰ্ধাৰণৰ কু ফল হয়টো অনাগত সময়ত হিন্দু মানুহে ভোগ কৰিব ’’।

গোঁহায়ে কয়, ‘‘উজনিত দলীয় কৰ্মী অসন্তুষ্ট হৈছে । বৰাক উপত্যকাটো কৰ্মী যথেষ্ট অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে । বৰাকৰ পৰা মোলৈ বহুত ফোন আহি আছে আৰু দলৰ কৰ্মীসকলেও অসন্তুষ্টি প্ৰকাশ কৰিছে’’ ।

ৰাজেন গোঁহাইৰ এই সমূহ অভিযোগ তথা বিতৰ্কিত মন্তব্যৰ পাছত দলৰ শীৰ্ষ নেতৃত্বই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া হ’ব লক্ষণীয়(Senior BJP leader Rajen Gohain upset over delimitation) ।

লগতে পঢ়ক :Assam CM reaction : বিজেপি নেত্ৰীৰ আত্মহত্যা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ