Local, Vocal, Global

LGBI বিমানবন্দৰৰ পৰা সোনকালে পুনৰ আৰম্ভ হ’ব আন্তৰ্জাতিক বিমান

খবৰ অনুসৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছয়খন আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় বিমান সমূহ পুনৰ আৰম্ভ হ’ব।

ছয়খন আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ পুনৰ আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ হৈছে বেংকক, ছিংগাপুৰ, ঢাকা, য়াঙ্গুন, কাঠমাণ্ডু আৰু কুয়ালালামপুৰ।

এক প্ৰতিবেদন অনুসৰি, ওপৰোক্ত গন্তব্যস্থানবোৰ আগতে উদান আঁচনিৰ অধীনত প্ৰৱৰ্তন কৰা হৈছিল। অৱশ্যে, পৰ্যাপ্ত যাত্ৰীৰ বাবে আৰু পিছত covid-19 মহামাৰীৰ বাবে এইবোৰ বন্ধ কৰা হৈছিল।

পৰ্যাপ্ত যাত্ৰীৰ বাবে হোৱা লোকচানৰ বাবে উক্ত বিমানসমূহ বন্ধ কৰিব লগা হৈছিল, অসমৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আগতে জনায়।

মন্ত্ৰীগৰাকীয়ে কয়, “এইবাৰ পৰ্যাপ্ত যাত্ৰী নাথাকিলেও এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ কৰা নহ’ব কিয়নো চৰকাৰে ‘ভাইবিলিটি গেপ ফাণ্ডিং’ৰ অধীনত খালী আসনৰ বাবে পৰিশোধ কৰিব। ৯০ শতাংশ পৰিমাণ কেন্দ্ৰই পৰিশোধ কৰিব আৰু বাকী ১০ শতাংশ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব,”।