চিকিৎসালয়ৰ অগ্নিকাণ্ডত ৪ টা শিশুৰ মৃত্যু
মধ্য প্ৰদেশ চৰকাৰে সোমবাৰে নিশা কমলা নেহৰু শিশু চিকিৎসালয়ৰ বিশেষ নৱজাতক যত্ন গোটত সংঘটিত অগ্নিকাণ্ডত কমেও ৪ টা নৱজাতকৰ মৃত্যু হোৱাৰ পিছত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে।
এজন বিষয়াই জনোৱা অনুসৰি, আই.চি.ইউ থকা চিকিৎসালয় খনৰ তৃতীয় মহলাত জুই জ্বলিবলৈ আৰম্ভ হয়।
ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইট যোগে কয় যে অগ্নিকাণ্ডৰ ঘটনাৰ পিছত ভূপালৰ কমলা নেহৰু চিকিৎসালয়ৰ শিশু ৱাৰ্ডত তিনিটা শিশুৰ মৃত্যু হয়। মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ উচ্চ-পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।
চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বসাৰঙে কয়, “ৱাৰ্ডত ৪০ টা শিশু আছিল যাৰ ভিতৰত ৩৬ জন সুৰক্ষিত। প্ৰতিজন মৃতকৰ অভিভাৱকক ৪ লাখ টকাৰ অনুদান প্ৰদান কৰা হ’ব।”
ফতেহগড় অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জুবেৰ খানে কয় যে নিশা প্ৰায় ৯ বজাত জুই নুমুৱাবলৈ প্ৰায় ১০ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ গৈছিল।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মাজনিশা জুই নুমোৱা হৈছিল আৰু ছয়জন প্ৰাপ্তবয়স্কৰ সৈতে শিশুসকলক আন ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছিল।