Local, Vocal, Global

২১ৰ অঘটন!

২১ৰ প্ৰথমটো অঘটনত শোকৰ ছাঁ ইণ্ডোনেছিয়াত। বিমান বন্দৰৰ পৰা উৰা মৰাৰ ৪ মিনিট পাছতেই ১০,০০০ ফুট উচ্চতাত যোগাযোগ বিচ্ছিন্ন হৈ সন্ধানহীন হ’ল ৬২ যাত্ৰীসহ এখন বিমান। শনিবাৰে দুপৰীয়া ১ বাজি ৪০ মিনিটত শ্ৰীবিজয়া এয়াৰলাইনছৰ এছ জে-১৮২ নম্বৰৰ বিমানখনে জাকাৰ্টাৰ ছুক্ৰানহাট্ৰা বিমান বন্দৰৰ পৰা পণ্টিয়ানাকে অভিমুখে উৰা মাৰিছিল। ১৩০খন আসন থকা বিমানখনত পাইলট, সহকাৰী পাইলটসহ মুঠ ৬২গৰাকী যাত্ৰী আছিল। বয়িং ৭৩৭- ৫০০ ছিৰিজৰ বিমানখন বিগত ২৬ বছৰ ধৰি যাত্ৰীৰ সেৱাত ব্যৱহৃত আছিল। বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে হাহাকাৰ লাগে ইণ্ডোনেছিয়াত। বিমান কৰ্তৃপক্ষ আৰু বিভিন্ন সংস্থা বিমানখনৰ সন্ধানত ব্যস্ত হৈ পৰে। শ্বাসৰুদ্ধকাৰী অনুসন্ধানৰ কিছু সময়ৰ পাছতেই জাকাৰ্টাৰ উত্তৰ-পশ্চিম জাভা সাগৰত বিমানখন ভাঙি পৰাটো নিশ্চিত হয়। আশংকা কৰা হৈছে এই বিমান দুৰ্ঘটনাত আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু হৈছে।