Local, Vocal, Global

৪ বছৰীয়া টাইমূৰলৈ বিবাহৰ প্ৰস্তাৱ

ষ্টাৰ কিডছৰ ভিতৰত শীৰ্ষত থকা টাইমূৰলৈ আহিছে বিবাহৰ প্ৰস্তাৱ। ছেইফ আলী খান আৰু কৰিণা কাপুৰৰ পুত্ৰ টাইমূৰক এপলক চাবৰ বাবে আগ্ৰহেৰে ৰৈ থাকে টাইমূৰৰ অনুৰাগীসকল। জনপ্ৰিয়তা কি বুজি নোপোৱাৰ আগতেই চেলিব্ৰেটীৰ আসন লাভ কৰা টাইমূৰৰ প্ৰেমত পৰিছে মোহময়ী অভিনেত্ৰী নুৰা ফাতেহি। কৰিণা কাপুৰৰ শ্ব’ ‘What women want 3’ত অতিথি ৰূপে আহিছিল নুৰা ফাতেহি। সেই অনুষ্ঠানত চলি থকা কথা-বতৰাৰ মাজতেই কৰিণা কাপুৰে নুৰাক উদ্দ্যেশি কয় যে নুৰাৰ নৃত্যই কৰিণা কাপুৰৰ লগতে ছেইফ আলী খানকো মন্ত্ৰমুগ্ধ কৰে। ইয়াৰ উত্তৰত নুৰাই কৰিণা কাপুৰৰ সন্মুখত টাইমূৰৰ বাবে বিবাহৰ প্ৰস্তাৱ আগবঢ়াই কয় যে টাইমূৰৰ লগত মই বিবাহপাশত আবদ্ধ হ’ব খোজো আশা কৰোঁ যেতিয়া টাইমূৰ ডাঙৰ হ’ব আপোনালোকে আমাৰ বিবাহৰ কথা চিন্তা কৰিব। সেই কথা শুনাৰ পিছত কৰিণা কাপুৰে কয় যে তাৰ এতিয়া বয়স ৪ বছৰ মাত্ৰ। সি ডাঙৰ হোৱালৈ বহু সময় লাগিব। সেই কথা শুনাৰ পিছত নুৰাই ‘মই অপেক্ষা কৰিম’ বুলি মন্তব্য কৰে।