Local, Vocal, Global

ট্ৰেক এণ্ড ফিল্ডত ভাৰতৰ প্ৰথমটো পদক

নিউজ ডেস্ক, ৪ আগষ্ট : বুধবাৰে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ হাই জাম্পৰ (high jump) ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে Tejaswin Shankarএ। উল্লেখ্য যে ট্ৰেক এণ্ড ফিল্ডত (track and field) ভাৰতৰ এইটো প্ৰথম পদক ।

তেজস্বিনে ২.২২ মিটাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টাৰে ব্ৰঞ্জ পদক লাভ কৰিছিল আনহাতে নিউজিলেণ্ডৰ হামিশ কেৰে ২.২৫ মিটাৰ প্ৰচেষ্টাৰ জৰিয়তে সোণৰ পদক আৰু অষ্ট্ৰেলিয়াৰ ব্ৰেণ্ডন ষ্টাৰ্কে ৰূপৰ পদক জিকিছিল।